২১ জুনত তেওঁ পানীৰ দাবীত অনশনত বহিছিল। তেওঁ দাবী কৰিছিল যে হাৰিয়ানা চৰকাৰে দিল্লীক পৰ্যাপ্ত পানী প্ৰদান নকৰালৈকে অনশন অব্যাহত থাকিব। অৱশ্যে, চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত, তেওঁ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সিদ্ধান্ত সলনি কৰে। দিল্লীৰ মন্ত্ৰী আতিশীৰ সোমবাৰে মাজনিশা ৰক্ত শৰ্কৰাৰ স্তৰ হ্ৰাস হোৱাৰ পিছত অসুস্থ হৈ পৰে। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁক দিল্লীৰ লোক নায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ চিকিৎসালয়তে অনশন ভাঙে। অৱশ্যে, তেওঁ এতিয়াও পানীৰ বাবে যুঁজ এৰি দিয়া নাই বুলি জানিব দিয়ে। উল্লেখ্য যে আপে অভিযোগ কৰিছিল যে বিজেপি শাসিত ৰাজ্য হাৰিয়ানাই ইচ্ছাকৃতভাৱে দিল্লীলৈ পৰ্যাপ্ত পানী যোগান ধৰা নাই, যাৰ ফলত তীব্ৰ পানীৰ সংকটৰ সন্মুখীন হৈছে দিল্লীৰ জনতা।
আতিশীয়ে ২১ জুনৰ পৰা অনশনত বহিছিল। সোমবাৰে সন্ধিয়া তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল।