Daily Time Axom

সংবিধানৰ প্ৰতি ভালপোৱা দেখুৱাবলৈ কংগ্ৰেছৰ কোনো অধিকাৰ নাইঃ মোডী

0 23

জৰুৰীকালীন অৱস্থাক লৈ ভাৰতীয় ৰাজনৈতিক দল কংগ্ৰেছক পুনৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ সম্পূৰ্ণ হ’ল। ১৮ সংখ্যক লোকসভাৰ দ্বিতীয় দিন আৰম্ভ হোৱাৰ পূৰ্বে জৰুৰীকালীন অৱস্থাৰ ‘ক’লা দিন’ৰ কথা সোঁৱৰাই পুৱা ধাৰাবাহিকভাৱে টুইট কৰি মোদীয়ে নিজৰ এক্স হেণ্ডেলত লিখে।

ইয়াৰ বাহিৰেও মোদীয়ে কংগ্ৰেছক ঠাট্টা কৰি লিখিছে, “যিসকলে জৰুৰীকালীন অৱস্থা জাপি দিলে তেওঁলোকৰ সংবিধানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰাৰ কোনো অধিকাৰ নাই।”

সোমবাৰে অধিৱেশনৰ প্ৰথম দিনাই বিৰোধী মিত্ৰজোঁট “ভাৰত”ৰ সাংসদসকলে সংসদ চৌহদত হাতত সংবিধান লৈ প্ৰতিবাদ সাব্যস্ত কৰে। সংসদত শপত ল’বলৈ মোডীয়ে উঠাত ৰাহুল গান্ধীয়ে বহি থকা মোডীক সংবিধান দেখুৱাই। সংসদ ত্যাগ কৰাৰ পিছত তেওঁ কয়, ‘মোডী আৰু বিজেপিয়ে সংবিধানখন নিজেই শেষ কৰিব বিচাৰে।সেই সংবিধান ৰক্ষাৰ বাবে আমি যুঁজিব লাগিব।’
উল্লেখ্য যে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যকালত ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। সকলো নাগৰিক অধিকাৰ সাময়িকভাৱে প্ৰত্যাহাৰ কৰা হৈছিল।

বিৰোধী দলৰ নেতাসকলক জেলত ভৰোৱা হৈছিল।
সংবাদ মাধ্যমৰ চোৰাংচোৱাগিৰিও আৰম্ভ হৈছিল। এই পৰিস্থিতি একেৰাহে ২১ মাহ ধৰি ১৯৭৭ চনলৈকে চলিছিল । ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত ইন্দিৰা নেতৃত্বাধীন কংগ্ৰেছ পৰাজিত হৈছিল। এই বিষয়টো উত্থাপন কৰি মোদীয়ে মঙলবাৰে লিখিছে, “জৰুৰীকালীন অৱস্থাৰ ক’লা দিনবোৰে আমাক সোঁৱৰাই দিয়ে যে কংগ্ৰেছে কেনেকৈ মৌলিক স্বাধীনতা কাঢ়ি লৈ ​​ভাৰতৰ সংবিধানক ভৰিৰে গচকিছিল।”

মোদীয়ে দাবী কৰিছিল যে সেই সময়ত কংগ্ৰেছ চৰকাৰে ক্ষমতাত থাকিবলৈ সকলো গণতান্ত্ৰিক মূল্যবোধ নাকচ কৰিছিল।
সংসদৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ পূৰ্বে জৰুৰীকালীন বিষয়টো উত্থাপন কৰি সোমবাৰেও কংগ্ৰেছক আক্ৰমণ কৰে মোদীয়ে। তেওঁ কয়, ‘দেশত ৫০ বছৰ পূৰ্বে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল। দেশৰ আটাইতকৈ অন্ধকাৰ অংশ। গণতন্ত্ৰৰ ওপৰত ক’লা চিন। সেই আন্ধাৰ এই দেশত কেতিয়াও নামিব নোৱাৰিব।”

Leave A Reply

Your email address will not be published.