চন্দ্ৰৰ অদৃশ্য অংশৰ পৰা মাটি আনিলে চীনে

চীনে চন্দ্ৰৰ অদেখা অঞ্চলৰ পৰা মাটি আনিলে। এনেধৰণৰ আন কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ বিশ্বৰ ইতিহাসত। যি মাটিৰ পৰা নমুনা লোৱা হৈছিল সেই মাটি পৃথিৱীৰ পৰা দেখা পোৱা নাযায়।
চন্দ্ৰৰ আন্ধাৰ ফালৰ পৰা মাটিৰ নমুনা লৈ মঙলবাৰে চীনৰ উত্তৰ ইনাৰ মংগোলিয়া অঞ্চলত অৱতৰণ কৰে চাং’ই-৬ মহাকাশযানখন।

ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিৰ লাইভষ্ট্ৰিমত মডিউলটো পেৰাচুটত নামি অহা দেখা গৈছে।
চীনৰ ৰাষ্ট্ৰীয় মহাকাশ সংস্থাই চন্দ্ৰ অভিযানক সম্পূৰ্ণ সফল বুলি অভিহিত কৰিছে। ইয়াত কোৱা হৈছে যে ৰিটাৰ্ণ ৰভাৰখন সঠিকভাৱে কাম কৰি আছে।
চলিত মাহৰ আৰম্ভণিতে চীনৰ মহাকাশযানখন চন্দ্ৰৰ দক্ষিণ মেৰু-আইটকেন অৱবাহিকাত অৱতৰণ কৰিছিল। ই চন্দ্ৰৰ আটাইতকৈ দূৰৈৰ এটা গাঁত। তাত উপনীত হোৱা আৰু তাৰ পৰা যোগাযোগ বজাই ৰখাটো যথেষ্ট কঠিন আছিল।
২০১৯ চনত চীনে চন্দ্ৰৰ নেদেখা ফালে নিজৰ মহাকাশযান অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। অৱশ্যে এই অভিযানতে প্ৰথম নমুনা অনা হৈছিল।
এইবাৰ চন্দ্ৰ মহাকাশযানখনে ৰবটিক বাহু ব্যৱহাৰ কৰি কেইবাদিনো ধৰি প্ৰায় দুই কিলোগ্ৰাম নমুনা (চন্দ্ৰৰ মাটি) সংগ্ৰহ কৰিছিল। বাহনখনৰ পৃষ্ঠভাগৰ ফটো তোলাৰ লগতে চীনৰ পতাকাও সন্নিৱিষ্ট কৰা হৈছিল।

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment