বয়জেৰ আলগাত বিদ্যুৎ যোগানৰ নামত বিষয়া কৰ্মচাৰীৰ লুটৰাজত অতীষ্ঠ ৰাইজৰ তীব্ৰ বিক্ষোভ

ধুবুৰী জিলাৰ গৌৰীপুৰ সহ বিদ্যুত উপ সংমণ্ডলৰ অধীনত সুদীৰ্ঘ বয়জেৰ আলগা’কেবা খণ্ড বন্দীহানা’ বাহিৰ শালমাৰা’ গৌহাইলেৰ চৰ’ কাটালদি আদি গ্ৰাম্য এলেকাত দৰিদ্ৰ পৰিয়ালৰ মাজত বিদ্যুত যোগানৰ নামত বিষয়াৰ সোঁহাত স্বৰূপ বয়জেৰ আলগাৰ মইদুল ইচলাম নামৰ কৰ্মীয়ে অবাধ বাবে শোষণ নীতি অব্যাহত ৰখাৰ তীব্ৰ অভিযোগ উত্থাপন কৰিছে এলেকাৰ ৰাইজে ৷ সেয়েহে বয়জেৰ আলগা কান্দাপাৰা বজাৰ প্ৰাংগণত অৰ্ধশতাধিক ভুক্তভোগী ৰাইজে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে৷ মহিদুল মুৰ্দাবাদ’ বিদ্যুতৰ নামত দুৰ্নীতি বন্ধ কৰক’বিষয়া মুৰ্দাবাদ আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে৷ উক্ত ইছলামে কেবাবাৰো পুৰণা ট্ৰান্সফাৰ বিক্ৰী কৰা জধেমধে বিদ্যুত তাঁৰ কাটি আকৌ আন ঠাইত বিক্ৰী কৰা মিটাৰ দিয়াৰ নামত হোজা ৰাইজৰ পৰা ২০০/৭০০ টকাকৈ সংগ্ৰহ কৰিছে৷ বিদ্যুত বিলৰ নামত কেইবাটাও পৰিয়ালৰ পৰা ৩২হেজাৰৰ পৰা ৩৫হেজাৰ টকাকৈ আদায় কৰা কৰা কাৰ্যই ৰাজক অতিষ্ঠ কৰি তুলিছে৷ বিদ্যুত বিল’মিটাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে দৰিদ্ৰ ৰাইজক ব্যাপক হাৰাশাস্তি কৰাৰ তীব্ৰ অভিযোগ উত্থাপন কৰিছে৷উক্ত অনিয়ম কাৰ্যৰ বিষয়ে সাংবাদিকৰ দলে সোধাপোচা কৰাত গা এৰা মন্তব্য কৰে৷এইক্ষেত্ৰত বিষয়া জনেও লোলুপ দৃষ্টিৰে কামৰ দায়িত্ব পালন কৰাত ৰাইজে বিক্ষোভ কৰে৷ লগত বিষয়া আৰু শোষণ কাৰী ইছলামক শাস্তিমুলক বদলিৰ দাবী কৰিছে বিদ্যুত মন্ত্ৰীক৷

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment