লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হ’ল ওম বিৰলা

পুনৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় ওম বিৰলা। দ্বিতীয় বাৰৰ বাবে তেওঁক অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। বুধবাৰে ১৮ সংখ্যক লোকসভা নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী ওম বিৰলাই জয়লাভ কৰে। ভোটত কে সুৰেশক পৰাস্ত কৰি তেওঁ অধ্যক্ষ পদলৈ নিৰ্বাচিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত তেওঁক অভিনন্দন জ্ঞাপন কৰে। বালাৰাম জাখৰৰ নজিৰ অনুসৰণ কৰি বিজেপিৰ ওম বিৰলাই একেৰাহে দুটা কাৰ্যকালৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। সংঘাতৰ পৰিবেশত নৰেন্দ্ৰ মোডী, সংসদীয় মন্ত্ৰী কিৰেন ৰিজুজু, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে একেলগে ওম বিৰলাক তেওঁৰ চকীলৈ লৈ যায়।
ওম বিৰলাক অভিনন্দন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘অধ্যক্ষ হিচাপে ওম বিৰলাৰ কাৰ্যকালৰ বাবেই বহু ঐতিহাসিক বিধেয়ক লোকসভাত গৃহীত হৈছে। বহু গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হৈছে। আগন্তুক দিনতো দেশৰ উন্নয়নৰ বাবে লোকসভা অধিৱেশন সুচাৰুৰূপে পৰিচালিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰিলোঁ।’

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment