Daily Time Axom

ওঁঠত হাঁহি লৈ প্ৰধানমন্ত্ৰীৰ সৈতে উষ্ম হেণ্ডচেক ৰাহুলৰ

0 24

ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত দুটা মেৰুৰ মানুহ। বিজেপিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কংগ্ৰেছ তথা বিৰোধী নেতা ৰাহুল গান্ধী । শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ইজনে সিজনৰ ওপৰত ব্যক্তিগত আক্ৰমণৰ দৃষ্টান্তও দেখা গৈছে। অৱশ্যে বুধবাৰে সংসদৰ ভিতৰত আন এখন ফটোত বন্দী কৰা হয় দুয়োকে। আজিৰ দিনটোতে ওম বিৰলা লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। আসনৰ পৰা উঠি অহাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক অভিনন্দন জনায়। ৰাহুলেও ওম বিৰলাক অভিনন্দন জনাওতেই মোডী-ৰাহুল মুখামুখি হোৱাত নেতা দুগৰাকীয়ে হাঁহিমুখীয়া মুখেৰে হাত মিলায়।

বুধবাৰে পুৱা ১১ বজাত অনুষ্ঠিত হয় ঐতিহাসিক অধ্যক্ষ নিৰ্বাচন। প্ৰায় ৪৮ বছৰৰ পাছত শাসক বনাম বিৰোধী মিত্ৰজোঁটে লোকসভাৰ অধ্যক্ষ পদৰ বাবে যুঁজ দিছে। এন ডি এৰ প্ৰাৰ্থী ওম বিৰলা আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কে সুৰেশৰ মাজত এই যুঁজ। প্ৰধানমন্ত্ৰীয়ে লোকসভাত ওম বিৰলাক অধ্যক্ষ হিচাপে নিযুক্তিৰ প্ৰস্তাৱ আগবঢ়ায়। এন ডি এ মিত্ৰজোঁটে লোকসভাত ২৯২ খন আসন লাভ কৰে। INDIA Alliance ৰ ২৩৪ খন আসন। তৃণমূলে অধ্যক্ষ নিৰ্বাচনৰ বাবে INDIA মিত্ৰজোঁটৰ প্ৰাৰ্থী কে সুৰেশক সমৰ্থন কৰে। শেষত কণ্ঠ ভোটত ওম বিৰলাই জয়লাভ কৰে।

Leave A Reply

Your email address will not be published.