Daily Time Axom

কচুৱাৰ খেৰুনীত ছাগলী চুৰিক লৈ কাজিয়াৰ সূত্ৰপাত

0 28

থানাত পৃথকে পৃথকে গোচৰ দুয়ো পক্ষৰ।

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত ৯নং খেৰুনিত এটা ছাগলী চুৰিক লৈ মাৰপিটৰ ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি ওচৰৰে গাঁৱৰ এগৰাকী মহিলাৰ ছাগলী হেৰাই যোৱাত উল্লেখিত আচামীৰ এজনক সন্দেহ কৰি মহিলা জনীয়ে সোধপোচ কৰাত প্ৰতিপক্ষই খঙত অগ্নিশৰ্মা হৈ একে পৰিয়ালৰ কেইজনমান উদণ্ড লোক – ৰাইহান ,এহিয়া আলম , মোজাহিদুল হক,আইজুল হক আৰু ৰশিদুল ইছলামে, ফৰিজ উদ্দিনক আগুচি ধৰি বাইকৰ পৰা নমাই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ লগতে নাৰগিছ চুলতানাক মূৰত চোকা অশ্ৰৰে আঘাত কৰি গুৰুতৰ জখম কৰে।

ইতিমধ্যে দুয়োপক্ষই কচুৱা থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে ।

ইপিনে উক্ত ঘটনাৰ লগত জড়িত আবুল হুছেইনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আনি আনতিপলমে আচামীগনক গ্ৰেপ্তাৰ কৰিবলৈ ভুক্তভোগী সকলে প্ৰশাসনক দাবী জনাইছে।

Leave A Reply

Your email address will not be published.