নিয়মীয়া বিদ্যুৎ যোগান দিবলৈ দল সংগঠন,ৰাইজৰ দাবী।
‘চবকা সাথ চবকা বিকাশ,ঘৰ ঘৰ বিজলী’ শ্ল’গান দিয়া বিজেপি চৰকাৰখনে ২৪ ঘন্টাৰ ভিতৰত ৪ ঘন্টাও বিদ্যুৎ যোগান ধৰিব পৰা নাই ৷নলবাৰী জিলাৰ বৰক্ষেত্ৰী অঞ্চলৰ বিদ্যুৎ গ্ৰাহকৰ মুখে মুখে আজি এই অভিযোগ ৷ উল্লেখ্য যে বিদ্যুৎ বিভাগৰ চৰম হেমাহি,গাফিলতি আৰু দায়িত্বহীনতাৰ বাবেই কিছুদিন ধৰি বিদ্যুৎ যোগান অনিয়মীয়া হৈ পৰিছে আৰু ইয়াৰ ফলত অতিষ্ঠ হৈছে বিদ্যুৎ গ্ৰাহকসকল। বিদ্যুতৰ বিল সময় মতে ঠিকে আহিছে কিন্তু বিদ্যুৎ হে দিব নোৱাৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে। নলবাৰী জিলাৰ চামতাস্থিত বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ মুকালমুৱা,ৰামপুৰ,মুগদি,বৰ্নিবাৰী,জয়সাগৰ, নাৰায়ণপুৰ,আদাবাৰী, ঘোগা, লোহাৰকাঠা, দৰঙ্গিপাৰা,দাগাপাৰাকে ধৰি বৰক্ষেত্ৰীৰ কেইবাখনো গাঁৱত যেতিয়াই তেতিয়াই বিদ্যুৎ কর্তনেৰে গ্ৰাহকসকলক জ্বলাকলা খুৱাই আহিছে ৷ বিদ্যুৎ গ্ৰাহক সকলৰ অভিযোগ মতে নিয়মীয়া বিদ্যুৎ যোগানৰ বাবে বিভাগীয় কার্যালয়ত সময়ে সময়ে আবেদন দাখিল কৰি আহিছে যদিও কোনো কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই।
বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ বিদ্যুৎ বিভাগলৈ দাবী জনোৱাৰ উপৰিও সমগ্ৰ বিষয়টো মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বৰক্ষেত্ৰী আঞ্চলিক ছাত্র সন্থাই।