মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত দলৈ গাঁও বিল পাৰত জালালউদ্দিন নামৰ এগৰাকী গুণ্ডা প্ৰকৃতিৰ লোকে জিয়াবুৰৰ বিশটা হাঁহ চৰাই বিষ পান কৰাই নিধন কৰাত অঞ্চলটোত তীব্ৰ চান্ছ্যল্যৰ সৃষ্টি হৈছে। একমাত্ৰ হাঁহ চৰাই পালন কৰি জীৱিকা নিৰ্বাহ কৰা জিয়াবুৰে হাঁহ চৰাই কেইটা নিধন হোৱাত একেবাৰে সৰ্বহাৰা হোৱা পৰিলক্ষিত হৈছে।হাঁহ কেইটা
জালান ঊদ্দিনৰ ভেটিৰ এটি গছৰ
তলত জিৰণি লোৱাৰ সময়তে
এই জঘন্যতম কাম কৰাত বিভিন্ন দল সংগঠনে জালাল ঊদ্দিনৰ বিৰুদ্ধে শাস্তিৰ দাবী জনাইছে।
ইফালে এই হাঁহ চৰাইৰ গৰাকীৰ
মালিক জিয়াবুৰে মৈৰাবাৰী থানাত
এখনি এজেহাৰ দাখিল কৰে।মৈৰাবাৰী আৰক্ষীয়ে ঘটনাটোৰ সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে।