স্ত্ৰী-সন্তান এৰি দ্বিতীয় বিবাহ পাশত আৱদ্ধ হোৱাৰ অভিযোগ প্ৰথমা পত্নী তথা এক সন্তানৰ মাতৃ সাহানাজ পাৰবিনৰ।
অভিযোগ অনুসৰি আঠ বছৰ পূৰ্বে গৌৰীপুৰৰ ফলিমাৰী প্ৰথম খণ্ড গাঁৱৰ আব্দুল ওৱাহাব জোৱাৰদাৰৰ পুত্ৰ CRPF যোৱান মাজিদুল ইছলামৰ সৈতে ঝগৰাপাৰৰ সাহানাজ পাৰবিনৰ সামাজিক ৰীতি নীতিৰে বিবাহ হৈছিল।
প্ৰথম দুবছৰ শান্তিৰে দুয়ো সংসাৰ কৰি গৈছিল।
তেখেতৰ ঘৰত জন্ম লাভ কৰে এটি পুত্ৰ সন্তান।
হটাত মাজিদুল ইছলামৰ সৈতে একেখন গাঁৱৰে আমিনুৰ সেখৰ কন্যা আলফিদা ইয়াছমিনৰ অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।
যাৰ ফলত CRPF যোৱান জনে প্ৰথম পত্নী সাহানাজ পাৰবিনক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰে।
অবশেষত অত্যাচাৰ সহ্য কৰিব নোৱাৰি সাহানাজ পাৰবিনে স্বামীৰ সংসাৰ ত্যাগ কৰি পিতৃ গৃহলৈ উভতি আহে।
বৰ্তমান জোৱানজনে দ্বিতীয় বিবাহ পাশত আৱদ্ধ হোৱা বুলি অভিযোগ উত্থাপন কৰে সাহানাজ পাৰবিনে।
ঘটনা সন্দৰ্ভত সাহানাজ পাৰবিনে মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।
Prev Post