Daily Time Axom

সুৰাপায়ী উদণ্ড চালকৰ অতপালি

0 24

বুধবাৰে মৈৰাবাৰী-লাহৰিঘাট গৰকাপ্তানী পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটোত তাঁতীকটা গাঁৱৰ খুছুল আমীন নামৰ এগৰাকী ৫০ বছৰীয়া বৃদ্ধ গুৰুতৰ বাবে আহত হয়।

বৃদ্ধগৰাকী এখন চাইকেলেৰে আহি থকা অৱস্থাত পিছফালৰ পৰা খুন্দিয়াই আহত কৰা গাড়ী খনৰ নম্বৰ হৈছে AS 02C 4488।
দুৰ্ঘটনাটো সংঘটিত কৰি চালক সহ উদণ্ড যুৱকৰ দলটো পলায়ন কৰে যদিও ৰাইজে খেদি খেদি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়।

আহত বৃদ্ধাগৰাকীক সংকটজনক অৱস্থাত নগাঁৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। আনহাতে মৈৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.