কৰ্ণাটকত ৰখাই থোৱা ট্ৰাকত যাত্ৰী ভৰ্তি বাছে খুন্দা মৰাত ১৩ জন তীৰ্থযাত্ৰীৰ মৃত্যু, ৪ জন আহত

কৰ্ণাটকত বাছ দুৰ্ঘটনাত ১৩ জন নিহত শুকুৰবাৰে পুৱা যাত্ৰীবাহী বাছখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে। সেই বাছখনত ১৭ জন লোক আছিল। কৰ্ণাটকৰ বেলগাৱী জিলালৈ তীৰ্থযাত্ৰা কৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা। চাৰিজন লোক আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ অৱস্থা সংকটজনক।

তীৰ্থযাত্ৰীৰ মিনি বাছখন বেলগাৱীৰ পৰা শিৱমোগ্গালৈ গৈ আছিল। আটাইকেইজন যাত্ৰী শিৱমোগ্গাৰ বাসিন্দা আছিল। পুনে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ সময়তে গুণ্ডেনহাল্লী ক্ৰছিঙত সংঘটিত হয় এই দুৰ্ঘটনা। ৰাস্তাৰ কাষত এখন ট্ৰাক থিয় হৈ আছিল। পুৱা প্ৰায় ৩:৪৫ বজাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনত খুন্দা মাৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment