ধাৰাসাৰ বৰষুণত দিল্লী বিমানবন্দৰৰ ধাৰাসাৰ বৰষুণত দিল্লী বিমানবন্দৰৰ ছাদৰ এটা অংশ ভাঙি এজনৰ মৃত্যু

ধাৰাসাৰ বৰষুণৰ ফলত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ১ৰ চালৰ এটা অংশ ভাঙি পৰে। শুকুৰবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় এই ঘটনা। ছাদ ভাঙি কমেও ৮ জন লোক আহত হয়। তাৰে এজনৰ মৃত্যু হয়। এই ঘটনাৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে। ভিডিঅ’টোত দেখা গৈছে যে টাৰ্মিনেল ১ত ৰখাই থোৱা কেইবাখনো গাড়ীত ছাদৰ এটা অংশ ভাঙি পৰিছে। এখন বাহনৰ ভিতৰত আবদ্ধ হৈ থকা এজন ব্যক্তিক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহতৰাখে। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতে এজন লোকৰ মৃত্যু হয়। ভাঙি পৰা ছাদৰ ধ্বংসাৱশেষ আঁতৰোৱাৰ প্ৰচেষ্টা অব্যাহত আছে। দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই এক বিবৃতিত কয় যে এই দুৰ্ঘটনাৰ বাবে টাৰ্মিনেল ১ৰ পৰা আপাততঃ সকলো বিমান সেৱা বন্ধ কৰি দিয়া হৈছে। নিৰাপত্তাজনিত কাৰণত চেক-ইন কাউণ্টাৰো বন্ধ কৰা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment