আৰম্ভ হ’ল অমৰনাথ যাত্ৰা

আৰম্ভ হ’ল অমৰনাথ যাত্ৰা। শনিবাৰে পুৱা যথাযথ ধৰ্মীয় আড়ম্বৰেৰে জম্মু-কাশ্মীৰত এইবাৰৰ বাৰ্ষিক অমৰনাথ যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয়। কটকটীয়া নিৰাপত্তাৰ অধীনত পহলগাঁও আৰু বাল্টাল দুয়োটা পথতে পবিত্ৰ গুহাটোৰ দিশে যাত্ৰা আৰম্ভ কৰে প্ৰথমটো তীৰ্থযাত্ৰী। ১৯ আগষ্টৰ পূৰ্ণিমাৰ দিনটোত ৫২ দিনীয়া এই তীৰ্থযাত্ৰাৰ অন্ত পৰিব। যাত্ৰাটো মসৃণ কৰি তোলাৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে। নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে। ইয়াৰ পূৰ্বে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ভাগৱতীনগৰ বেছ কেম্পত যাত্ৰাৰ পতাকা উত্তোলন কৰে। এই তীৰ্থযাত্ৰা সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। এই পৰ্যন্ত ৪ লাখৰো অধিক ভক্তই এইবাৰৰ অমৰনাথ যাত্ৰাৰ বাবে নামভৰ্তি কৰিছে।

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment