ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ বাসগৃহ ভাঙি সোমাবলৈ চেষ্টা কৰা চাৰিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকৰ বাসগৃহ ভাঙি সোমাবলৈ চেষ্টা কৰা চাৰিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহ নহয় ১০ ডাউনিং ষ্ট্ৰীটৰ সুনকৰ উত্তৰ ইংলেণ্ডৰ ঘৰৰ বাহিৰত গ্ৰেপ্তাৰ কৰা হয় সন্দেহযুক্ত লোককেইজনক।

নৰ্থ ইয়ৰ্কশ্বাৰ আৰক্ষীয়ে এক বিবৃতিত কয় যে প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ কাষ চাপি অহাৰ কিছু মিনিটৰ ভিতৰতে চাৰিওজনক গ্ৰেপ্তাৰ কৰা হয়। সুনকৰ বাসগৃহৰ সমীপৰ এই ভিডিঅ’টো পোহৰলৈ আহিছে।

ইয়াৰ পূৰ্বেও কেইবাবাৰো ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ বাসগৃহ ভাঙিবলৈ চেষ্টা কৰা হৈছে। ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনৰ মাত্ৰ এসপ্তাহ আগতে ঘটা এনে এক পৰিঘটনাক তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment