Daily Time Axom

টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰি বিশ্ব অভিলেখ শেফালীৰ

0 31

ভাৰতৰ শ্বেফালী ভাৰ্মাই মহিলা টেষ্ট ক্ৰিকেটত সৰ্বাধিক দ্ৰুততম দ্বৈত শতক অৰ্জন কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। শুকুৰবাৰে চেন্নাইত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা একমাত্ৰ টেষ্টৰ প্ৰথম দিনটোত ১৯৪ বলত দ্বৈত শতক অৰ্জন কৰি শ্বেফালীয়ে নজিৰ গঢ়ি তুলিছে। টছত জয়ী হৈ ভাৰতে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম দিনৰ শেষত ভাৰতে ৪ উইকেটত ৫২৫ ৰান সংগ্ৰহ কৰে। শ্বেফালীয়ে ২০৫ ৰান সংগ্ৰহ কৰে। স্মৃতি মান্ধনাই ১৪৯ আৰু জেমিমা ৰড্ৰিগেজে (৫৫) ৰান লাভ কৰে। প্ৰথম উইকেটৰ অংশীদাৰিত্বত শ্বেফালী আৰু স্মৃতিয়ে ২৯২ ৰান সংগ্ৰহ কৰে। মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত এটা অ’পেনিং পেয়াৰৰ এয়া সৰ্বাধিক ৰান।

Leave A Reply

Your email address will not be published.