নগাঁও জিলাৰ কচুৱা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক সময়মতে উপস্থিত নোহোৱাৰ ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। হাস্পতাল কৰ্তৃপক্ষৰ হেমাহি আৰু চিকিৎসক সকলে কৰ্তব্যত গাফিলতি কৰাৰ বিৰুদ্ধে পূৰ্বেও বহুবাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো স্বাস্থ্য বিভাগৰ কোনো গুৰুত্ব নিদিয়াত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।পুৱা দহ বজাৰ পিছতো চিকিৎসক নোপোৱাত ৰোগীসকলৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু এনে কাণ্ডই সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।এতিয়া প্ৰশ্ন হয়- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগে কি ভুমিকা গ্ৰহণ কৰে এয়া হ’ব লক্ষ্য়ণীয় ।