Daily Time Axom

স্বামীৰ নিৰ্যাতনৰ ন্যায় বিচাৰি কি আহ্বান জনালে এগৰাকী মহিলাই

0 24

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত সংগঠিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা।

যি সময়ত চৰকাৰে দ্বিতীয় বিবাহ বন্ধ কৰিছে। নাৰীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত বিশেষঃ আইন প্ৰণয়ন কৰিছে ঠিক তেনে সময়তে মৈৰাবাৰীত সংগঠিত হৈছে পত্নী নিৰ্যাতনৰ ঘটনা।

অভিযোগ অনুসৰি মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ মনিৰুজ জামান নামৰ লোকজনৰ লগত সামাজিক বাবে বিয়া হৈছিল নগাঁও জিলাৰ অন্তৰ্গত গায়নগাঁৱৰ জিনটি বেগম নামৰ মহিলা গৰাকীৰ লগত। কিন্তু স্বামী মনিৰুজ জামানে পৰকীয়া কৰাত সেই কথা পত্নীয়ে অৱগত হোৱাত বিগত এটা বছৰে সংসাৰটোত গৃহ কন্দল আৰম্ভ হয়। পিছলৈ স্বামীগৃহ ত্যাগ কৰি পত্নীয়ে আইনৰ আশ্ৰয় লয়।

আনহাতে স্বামী মনিৰুজ জামানে বিভিন্ন আবেদনত নিজকে অবিবাহিত বুলি পৰিচয় দি আহে।

ইতিমধ্যে অভিযোগকাৰী পত্নীয়ে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে মৰিগাঁও জিলা আদালতত ন্যায় বিচাৰি আবেদন কৰিছে।

Leave A Reply

Your email address will not be published.