৩ নং বৰপেটা লোকসভাৰ অন্তৰ্গত ২৪ নং ভবানীপুৰ-সৰভোগ সমষ্টিৰ বৃহৎ এলেকা বান্দৰখোৱা,নিজদমকা ,সাহপুৰ,জামাদাৰ বড়ি,সৰভোগ গাঁও আদি কৰি প্ৰায় ১০খন গাঁওৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত এক জটিল সমস্যাত ভূগি আছে,প্ৰায় ১০ খন গাঁৱৰ ৰাইজে যুগ যুগ ধৰি দাবী কৰি আহিছে-বান্দৰখোৱা NH 27 হাইৱেৰ ৫০০ মিটাৰ নীগলত বেকী ব্ৰীজৰ কাষত 290/2 আৰু 290/3 ত এখন ৰে’লৱে ক্ৰছিং বা আণ্ডাৰ গ্ৰাউণ্ড । নামণি অসমৰ ব্যৱসায়িক চহৰ বৰপেটা ৰোডৰ ৭কি:মি: ব্যৱধানত এই দুৰ্গম অঞ্চলটোৰ প্ৰায় সংখ্যক মানুহেই কৃষিজীৱী।কৃষিজাত সামগ্ৰী বজাৰৰলৈ ক্ৰয়-বিক্ৰয় কৰাৰ ক্ষেত্ৰত ৰে’লৱে লাইনটোত ক্ৰচিং বা আণ্ডাৰ গ্ৰাউণ্ট নথকাৰ বাবে কৃষক ৰাইজে সঠিক সময়ত উপযুক্ত বজাৰ নোপোৱাৰ বেদনা যুগ যুগ ধৰি ভোগ কৰি আহিছে। তদুপৰি এই বৃহৎ এলেকাৰ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে ৰে’লৱে লাইন পাৰ হৈ সৰভোগ,বৰপেটা ৰোড আদি চহৰত শিক্ষা প্ৰতিষ্ঠান সমূহত সঠিক সময়ত উপস্থিত হৈ শিক্ষা গ্ৰহণ কৰাৰ সুবিধাৰ পৰা কেতিয়াবা বঞ্চিত হোৱা দেখা যায়।স্বাস্থ্যৰ ক্ষেত্ৰত অঞ্চলটোত উপযুক্ত চিকিৎসালয় নথকাৰ বাবে প্ৰায় ২ কি:মি: বাটকুৰি বাই ৰেলৱে লাইনত ৰেলৱে ক্ৰচিং বা আন্দাৰ গ্ৰাউণ্ট নথকাৰ বাবে গৰ্ভৱতী মহিলাৰ মৃত্যু হোৱা পৰ্যন্ত উদাহৰণ নথকা নহয়। যাৰ বাবে অঞ্চলটোৰ কিছু সচেতন ৰাইজে ইতিমধ্যে ৰেলৱে বিভাগৰ উচ্চ পদস্থ বিষয়াসকলক লগ কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।পৰবৰ্তী সময়ত বিভাগীয় তথা কেন্দ্ৰীয় চৰকাৰৰ ৰেলৱে মন্ত্ৰণালয় ফালৰ পৰা কোনো সঁহাৰি নাপালে বৃহৎ এলেকাৰ ৰাইজে ৰেল পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব।