Daily Time Axom

মুকালমুৱাত নতুন আইন-ন্যায়িক ব্যৱস্থা সম্পৰ্কে সজাগতা সভা

0 51

আজিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী হ’ব লগা তিনিখন নতুন আইনৰ বিষয়ে ৰাইজ আৰু আৰক্ষীৰ মাজত সজাগতা বৃদ্ধিৰ বাবে মুকালমুৱাত এখন আইন সজাগতামূলক সভা অনুষ্ঠিত হয়। মুকালমুৱা আৰক্ষী থানাৰ চৌহদত অনুষ্ঠিত কৰে আইন সজাগতা সভাখন। গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক চৈয়দ নজৰুল ইছলামে আতধৰা সভাখনত মুকালমুৱা আৰক্ষী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথে উপস্থিত থাকি নিজৰ ভাষণত কয় যে এই তিনিখন আইন বিগত ২০২৩ চনত সংশোধন কৰি ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম নামকৰণ কৰা হৈছে।এই তিনিওখন আইনৰ আওতাত পৰা অভিযুক্ত অথবা দোষীৰ শাস্তি প্ৰদানৰ প্ৰক্ৰিয়া সম্পৰ্কেও ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমনি নাথে সম্যক অবগত কৰে। আজিৰ পৰা আইন তিনিখন কাৰ্যকৰী হব বুলি আৰক্ষী বিষয়া গৰাকীয়ে সভাত ব্যক্ত কৰে। আজিৰ সজাগতা সভাখনত মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথ, মুকালমুৱা আৰক্ষী থানাৰ গাওঁৰক্ষী বাহিনীৰ চক্ৰ সংগঠক চৈয়দ নজৰুল ইছলাম,গাওঁপ্ৰধান,গাওঁৰক্ষী বাহিনীৰ সদস্য,অঞ্চলটোৰ একাংশ বিশিষ্ট লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.