লিঞ্চিঙৰ শাস্তি ৭ বছৰৰ যাৱজ্জীৱন কাৰাদণ্ডঃ অমিত শ্বাহ

এতিয়াৰ পৰা ৰাজহুৱা প্ৰহাৰৰ শাস্তি কঠোৰ হ’ব। সোমবাৰৰ পৰা কাৰ্যকৰী হ’ল ভাৰতৰ ৩খন নতুন আইন। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় প্ৰমাণ আইন। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে কয় যে, ‘এতিয়াৰে পৰা লিঞ্চিঙৰ শাস্তি ৭ বছৰৰ যাৱজ্জীৱন কাৰাদণ্ড নতুবা মৃত্যুদণ্ড। এতিয়ালৈকে অপৰাধমূলক আইনত গেং বিটিংৰ কোনো ব্যৱস্থা নাছিল। গণ প্ৰহাৰত হত্যাৰ অভিযোগত কঠোৰ শাস্তি প্ৰদান কৰা হৈছে।’
অমিত শ্বাহে লগতে কয়, ‘নতুন আইনত ন্যায়িক ব্যৱস্থা ক্ষীপ্ৰ হ’ব। মহিলা আৰু শিশুৰ ওপৰত হোৱা অত্যাচাৰৰ সৈতেও কঠোৰভাৱে মোকাবিলা কৰা হ’ব। দলবদ্ধ ধৰ্ষণৰ শাস্তি ২০ বছৰৰ পৰা যাৱজ্জীৱন কাৰাদণ্ড আৰু নাবালিকা ধৰ্ষণ কৰিলে মৃত্যুদণ্ড।
প্ৰসংগক্ৰমে যোৱা চাৰিটা দিনত চোৰৰ সন্দেহত পাঁচটা দলীয় প্ৰহাৰে ৰাজ্যখন কঁপাই তুলিছে। বৌবজাৰ, ছল্ট লেক, পাণ্ডুয়া, ঝাৰগ্ৰামৰ পিছত তাৰকেশ্বৰতো এজন যুৱকে প্ৰাণ হেৰুৱালে। ৫টা ভিন্ন কাণ্ডত বহুক গ্ৰেপ্তাৰ কৰা হয়। ঘটনাৰ তদন্ত অব্যাহত আছে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment