সংগীত শিল্পী অনিল কুমাৰ শইকীয়াই ভাৰতীয় শাস্ত্রীয় সংগীতৰ ঠাট অনুসৰি আবিষ্কাৰ তথা নিৰ্মান কৰা বাঁহীৰ চিনাকি

অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্য যন্ত্ৰ বাঁহী। বাঁহী এক প্ৰকাৰৰ সুশীৰ বাদ্য। ভাৰতীয় উচ্চাঙ্গ আৰু লঘূ সংগীতত বাঁহীৰ এক সুকীয়া স্থান আছে । বাঁহীৰ মিঠা সুৰ সকলোৰে প্রিয়। পৃথিৱীৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহীৰ ব্যৱহাৰ কৰে।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনাতাঁৰ শিল্পী তথা উদ্ভাৱক অনিল কুমাৰ শইকীয়াই ভাৰতীয় শাস্ত্রীয় সংগীতৰ ঠাট অনুসৰি নতুনকৈ আবিষ্কৃত ৫ টি বাঁহীৰ চিনাকি কৰি দিয়ে। তিনিচুকীয়া জিলাত জন্ম গ্ৰহণ কৰা অনিল কুমাৰ শইকীয়া বৰ্তমান কর্মসূত্রে গুৱাহাটীৰ নিবাসী। শৈশৱ কালতে বাঁহীত আঙুলি বুলাই সুৰ তুলি ভাল পাইছিল শইকীয়াই। জীৱনৰ বহু ঘাট প্ৰতিঘাটৰ মাজেৰে আগবাঢ়ি অহা শইকীয়া পেছাত এজন কনিষ্ঠ অভিযন্তা। শেহতীয়াকৈ তেঁও উদ্ভাৱক হিচাপেও পৰিচয় দিবলৈ সক্ষম হৈছে। সাংস্কৃতিৰ পূজাৰী অনিল কুমাৰ শইকীয়াই আকাশবানী গুৱাহাটী, ডিব্ৰুগড়ত অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও বিভিন্ন অনুষ্ঠান বাঁহী পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ চিনাকি দিছে।
বাঁহী বজোৱাৰ সমান্তৰালকৈ শইকীয়াই নতুনকৈ ভাৰতীয় শাস্ত্রীয় সংগীতৰ ঠাট অনুসৰি ৫ টাকৈ বাঁহী উদ্ভাৱন কৰে। এই নতুনকৈ আবিষ্কৃত বাঁহী সমূহ ব্যৱহাৰ কৰি বাঁহী বাদক সকলে, বাঁহীত বজাৰলৈ কঠিন অনুভৱ কৰা ৰাগসমূহ সহজতেই বজাৰ পাৰিব। ইতিমধ্যে এই ৫ বিধ বাহী পেটেন্ট (PATENT)ৰ বাবেও আবেদন কৰা হৈছে। উল্লেখযোগ্য, যে প্রয়োজন অনুসৰি শইকীয়াই বিভিন্ন জন শিল্পীক বাহী প্ৰস্তুত কৰি যোগান ধৰি আহিছে। উক্ত অনুষ্ঠানত উপস্থিত থাকে হিন্দুস্থানী উচ্চংগ সংগীতত প্ৰথম মহিলা বাঁহী বাদ , মিনু গগৈ লগতে উপস্থিত থাকে শিল্পী শান্তনু বিশ্বাস। সভাৰ আত ধৰে তবলা বাদক তথা অভিনেতা ৰক্তিম দত্ত । নতুনকৈ আৱিষ্কৃত ৫টি বাঁহীৰ চিনাকি , হিন্দুস্থানী শাস্ত্ৰীয় সংগীতৰ ঠাত অনুসৰি আবিস্কৃত বাঁহীৰ সুৰ,
সংগীত শিল্পী অনিল কুমাৰ শইকীয়াই নিৰ্মাণ কৰে এই বাঁহীৰ চিনাকি । এই বাঁহীসমূহ ব্যৱহাৰ কৰি কঠিন ৰাগসমূহ সহজতেই বজাব পৰা যাব

AssamAssamese NewsbollywoodDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment