সৰভোগ আৰক্ষী থানাত সজাগতা সভা।
আজিৰে পৰা দেশত প্ৰৱৰ্তন হ’ব অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন ৷ ভাৰতীয় ন্যায় সংহিতা,ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম,এই তিনি আইন সন্দৰ্ভত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ আজিৰে পৰা সমগ্ৰ দেশতে পুৰণি IPC আইনৰ সলনি নতুন আইন বলবৎ হ’ব ৷ এই উপলক্ষে দিনৰ ১১ বজাত আৰক্ষী থানা চৌহদত হোৱা সজাগতা সভাত নতুন আইন সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ ঘোষে বিতংকৈ আলোচনা কৰে,এই সভাত বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মা,সৰভোগ পৌৰসভাৰ কাৰ্যবাহী বিষয়া সহ কেইবাজনো নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ,সাংবাদিক,নাগৰিক সমিতিৰ বিষয়ববীয়া সহ-গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া,গাঁওপ্ৰধান,বাহন চালকে ধৰি ভালেমান লোকৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷