Daily Time Axom

নতুন অপৰাধ আইন ২০২৩ সন্দৰ্ভত সজাগতা সভা

0 24

মৰিগাঁও আৰক্ষী,মৈৰাবাৰী নাগৰিক সমিতি আৰু গাঁওৰক্ষী বাহিনীৰ সৌজন্যত ভাৰতত নতুনকৈ প্ৰযোজ্য হোৱা নতুন অপৰাধ আইন ২০২৩ সন্দৰ্ভত আজি এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়।

ভাৰতীয় ন্যায় সংহিতা-২০২৩
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা-২০২৩ আৰু
ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩.

এই তিনিটা নতুন আইন সন্দৰ্ভত মৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সজাগতা সভাখনত মুখ্য বিশ্লেষক হিচাপে উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক-ধ্ৰুৱজ্যোতি নাথ,DSP মণিকাঞ্চন দাস(PR)আৰু মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পঙ্কজ দাস।

আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে থানা নাগৰিক কমিটিৰ অধ্যক্ষ নুৰুজ জামান, গাঁওৰক্ষী বাহিনীৰ সভাপতি চেলিম আহমেদ চৌধুৰী, ,মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰিয়াজুল হক,অৱসৰপ্ৰাপ্ত শিক্ষক কমৰুল ইছলাম, আহমদ আলি চৌধুৰীকে আদি কৰি অন্যান্য গণ্য মান্য ব্যক্তি সকল।

সভাত বিশ্লেষক ব্যক্তি সকলে ছাত্ৰ-ছাত্ৰী ও উপস্থিত সকলক আইন তিনিখনৰ বিষয়ে বিতংকৈ আলোচনা কৰে।

Leave A Reply

Your email address will not be published.