নলবাৰী জিলাৰ ১ নম্বৰ কাপলাবড়ী ৰংচুৱা নিবাসী তিলক কলিতা ওৰফে শম্ভু কলিতাই হৰগৌৰী মন্দিৰৰ নামত ৰাইজৰ বাবে মুকলি কৰে এখনি ৰাজহুৱা এম্বুলেঞ্চ।
এম্বুলেঞ্চখন মুকলি কৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাই। উল্লেখ্য যে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত এক নম্বৰ কাপলাবড়ীৰ হৰগৌৰী মন্দিৰৰ প্ৰতিস্থাপক তিলক কলিতা ওৰফে শম্ভুৱে বৃহত্তৰ অঞ্চলটোৰ হিদিলাট্ৰাৰী, ৰঙছোৱা, ৩ নম্বৰ বৰতলা, ৪ নম্বৰ বৰতলা, দমদমা পথাৰ , কালদি আদি বৃহত্তৰ অঞ্চলৰ লোকসকলৰ উপকাৰ সাধিব বুলি মত পোষণ কৰে স্থানীয় ৰাইজে। কোনো লোকে এই এম্বুলেন্সখন লাভ কৰিবলৈ ৬০০১৯৪৯১৫০ /৯৩৬৫৪৫১৬৪৮ নম্বৰত যোগাযোগ কৰিব পাৰিব। ব্যক্তিগৰাকীৰ এই প্ৰসংশনীয় পদক্ষেপক সৰ্বত্ৰে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।