জলপ্ৰপাতে উটুৱাই নিলে ৫ জন লোকক, পুনেত পৰ্যটকৰ বাবে গাইডলাইন জাৰি

ভয়ংকৰ দুৰ্ঘটনাৰ পৰিণতিত প্ৰশাসনৰ গা লৰচৰ হ’ল । পুনেৰ সমীপত জলপ্ৰপাতে উটুৱাই লৈ যায় এগৰাকী মহিলা আৰু ৪টা শিশু। লোনাভলাৰ ভূষী বান্ধত সংঘটিত হোৱা কৰুণ ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে এই বাৰিষাত পৰ্যটকৰ বাবে ধাৰাবাহিক সতৰ্কবাণী জাৰি কৰিছে। সোমবাৰে কলেক্টৰ ছুহাছ দিৱাছে পশ্চিম ঘাটৰ মাভাল, মুলছি, খেদ, জুনাৰ, ভৰ, ভেলহা আৰু আম্বেগাঁও অঞ্চল পৰিদৰ্শন কৰি পৰ্যটকৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। নদী, মথাউৰি, জলপ্ৰপাত, বনাঞ্চলকে ধৰি ‘পিকনিক স্পট’সমূহ ভালদৰে পৰিদৰ্শন কৰিবলৈ জিলা বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। নিষিদ্ধ অঞ্চলত সতৰ্কবাণী বৰ্ড লগোৱাৰ নিৰ্দেশ দিয়া হৈছে। য’ত পৰ্যাপ্ত নিৰাপত্তা সম্ভৱ নহয় তেনে দুৰ্যোগ প্ৰৱণ অঞ্চলত পৰ্যটকৰ প্ৰৱেশ নিষিদ্ধ। লোনাভলা, ভূষীকে ধৰি বহু ঠাইত বাৰিষাৰ সময়ত বিপুল সংখ্যক পৰ্যটক আকৰ্ষণ কৰে। সেই কথা মনত ৰাখি বন, ৰে’লৱে, পৌৰসভা, পি ডব্লিউ ডিকে ধৰি কেইবাটাও বিভাগক সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment