জনজাতিকৰণ, ভূমিৰ পট্টা প্ৰদান আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি অবিহনে ক্ষান্ত নহয় আছা।
আদিবাসী সকলৰ ন্যায়ৰ বাবে অবিৰতভাৱে চলাই যাব সংগ্ৰাম, আন্দোলন।
আজি ২ জুলাই,সদৌ অসম আদিৱাসী ছাত্র সন্থা (আছা)ৰ কেন্দ্ৰীয় সমিতিৰ ২৮ সংখ্যাক প্রতিষ্ঠা দিৱস। আছা’ৰ ধুবুৰী জিলা সমিতিয়ে চৈবাৰীত আছাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উৎযাপন কৰে।
প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আছা’ৰ ধুবুৰী জিলা সমিতিয়ে বাগান অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা/উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে আছা’ৰ কেন্দ্ৰীয় বিষয়-ববীয়াৰ লগতে জিলা সমিতিৰ বিষয়-ববীয়াসকল।
আনপিনে চৰকাৰ লৈ ক্ষোভ উজাৰি আছা’ৰ প্ৰতিষ্ঠাপক সম্পাদক জোছেফ মিঞ্জে । চৰকাৰে আদিবাসী সকলৰ ন্যায় প্ৰাপ্য নিদিয়ালৈকে ক্ষান্ত নহব আন্দোলন। প্ৰতিষ্ঠা দিৱসৰ দিনায় নেতা গৰাকীয়ে আছা’ৰ বিভিন্ন গোটক একত্ৰিত হ’বলৈ আহ্বান জনায়।