ভয়ংকৰ বাঢ়নি পানী | দিখৌৰ পানীয়ে ভাবুকি আনিছে শিৱসাগৰ জিলা নৈ-পৰিয়ালোকলৈ | সমগ্ৰ ৰাজ্যতে এতিয়া বানৰ তাণ্ডৱ অব্যাহত আছে | নাজিৰাতো দিখৌ নৈৰ কালৰূপ ধাৰণ | দ্ৰুত গতিত বাঢ়িছে দিখৌৰ জলপৃষ্ঠ | ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে শিৱসাগৰ | দিখৌৰ বাঢ়নি পানী শিমলুগুৰিস্থ নাগিনীমৰা সংযোগী পথ ঐতিহাসিক ৰমণী আলিৰ ওপৰেৰে প্ৰৱল সোঁতত পানী বাগৰিছে | লগতে হুৰাহুৰে সোমাইছে পানী, বিহুবৰ চাহ বাগিছাৰ কমল চাপৰিকে ধৰি বিস্তৃত অঞ্চল জলমগ্ন হৈ পৰাত এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকই বিৰাজ কৰিছে | আনহাতে বিশুদ্ধ খোৱা পানী, খাদ্য সামগ্ৰী আৰু শিশুৰ যাৱতীয় সম্পদ, ঔষধ আদি নাটনিয়ে আতংকিত কৰিছে নৈ পৰিয়া ৰাইজক | মৌন জিলা জল সম্পদ বিভাগৰ লগতে নাজিৰা মহকুমা প্ৰশাসন |