সংসদৰ অভিলেখৰ পৰা আঁতৰাই দিয়া হ’ল ৰাহুল গান্ধীৰ বিতৰ্কিত হিন্দু মন্তব্য, বিৰোধী দলৰ নেতা হিচাপে প্ৰথম ভাষণত ৰাহুলে কয় যে বিজেপিয়ে হিন্দু নহয়, হিংসা আৰু ঘৃণা বিয়পাইছে। এই মন্তব্যক লৈ লোকসভা গৰম হৈ পৰে। মঙলবাৰে অধ্যক্ষ ওম বিৰলাই ৰাহুলৰ কেইবাটাও মন্তব্য বাতিল কৰে।
সোমবাৰে সংসদত ৰাহুলে কয় যে এই দেশ ভয়ৰ দেশ নহয়। আমাৰ পূৰ্বপুৰুষসকলে অহিংসাৰ কথা কৈছিল। ডিঙিত সাপ লৈও ভগৱান শিৱক অভয়া মুদ্ৰাত দেখা যায়। যাৰ অৰ্থ ভয় নকৰিব। আনহাতে নিজকে হিন্দু বুলি কোৱাসকলে দিনে নিশাই কেৱল হিংসা, মিছা আৰু ঘৃণা বিয়পাইছে। বিজেপি হিন্দু নহয়। হিন্দু ধৰ্মত স্পষ্টকৈ লিখা হৈছে, সত্যৰ লগত থিয় হওক। সত্যৰ বাবে যুঁজ দিয়ক।
ইয়াৰ পিছত সংসদত আৰম্ভ হয় এক উত্তপ্ত বিতৰ্কৰ। এই বিতৰ্কৰ মাজতে অধ্যক্ষই ৰাহুলৰ মন্তব্যৰ কিছু অংশ আঁতৰোৱাৰ সিদ্ধান্ত লয়। ৰায়ে বৰেলী সাংসদৰ হিন্দু মন্তব্য সংসদৰ অভিলেখত নাথাকিব। অৱশ্যে এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে ৰাহুল। সাংবাদিকৰ সন্মুখত তেওঁ কয় যে মোডীৰ পৃথিৱীত সত্য সদায় মচি পেলোৱা হয়। কিন্তু সত্যক বাস্তৱৰ পৰা আঁতৰাব নোৱাৰি। মই ক’বলগীয়া কথাখিনি ক’লোঁ৷ সেয়া সঁচা। যি পাৰে মচি পেলাব পাৰে, কিন্তু সত্যটো থাকিব।
Prev Post