মায়ঙৰ পবিতৰা অভয়াৰণ্য পৰিদৰ্শন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা

আজি পবিতৰা অভয়াৰণ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ বাবে পবিতৰা অভয়াৰণ্যত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দল।পবিতৰা বান পৰিস্থিতিৰ বুজ লৈ সভাপতি উৎপল শৰ্মাই কয় যে অসমত ইতিমধ্যে ৩৮ গৰাকী লোকৰ বানত মৃত্যু হৈছে ৷ বানপানীত মৃত্যুৰ সংখ্যা কিমান হ’লে মুখ্যমন্ত্ৰীগৰাকী ফেইল হোৱা বুলি বুজাব বুলি প্ৰশ্ন আছুৰ সভাপতি উৎপল শৰ্মাৰ ৷ আজি এশিঙিয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্যৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীৰ ৷ বানৰ সৈতে মোকাবিলা কৰিবলৈ বন বিভাগ সাজু নাছিল বাবেই পবিতৰাত ভয়াৱহ পৰিস্থিতি হোৱাৰ অভিযোগ ৷ আনহাতে পবিতৰাত পৰ্যাপ্ত সা-সুবিধা উপলব্ধ কৰিবলৈ চৰকাৰক দাবী আছুৰ সজাতি দলটোৰ ৷ লগতে অসমৰ বান পৰিস্থিতিক গুৰুত্ব প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায় সভাপতি উৎপল শৰ্মাই ৷

AssamDaily time axomGuwahatiInternationalWorld
Comments (0)
Add Comment