বৰপেটা জিলাৰ সৰভোগৰ পম্পি ডেন্স একাডেমিৰ উদ্যোগত ৭ দিনীয়া ঢোল বাদন আৰু বিহুনাচৰ কৰ্মশালা আৰম্ভ,সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হোৱা কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে অসম গৌৰৱ বিহুৱা ৰঞ্জিত গগৈ,ধনকলীয়া উপাধি সন্মান খ্যাত ঢোলৰ ওজা সোমনাথ বৰা,আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিহুৱা ৰিতুপন কছাৰী,আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বিহুৱা দ্বীপজ্যোতি নাথ,অসম বিহুৱতী,পাটমাদৈ,অসম কুৱৰী-২৪,DY বিহুৰাণী-২১ নিৰ্জুমা কাকতী আৰু প্ৰশিক্ষক হিচাপে ঢুলীয়া তথা বিহুৱা অমৰজ্যোতি ৰায়,নামনি বিহুৱতী শ্ৰেষ্ঠ ঢুলীয়া-২১ যুগল জ্যোতি বৰুৱা,সহ প্ৰশিক্ষিকা হিচাপে বৰবিহুৱতী কীৰ্তিপ্ৰীয়া দাস উপস্থিত থাকিব,আনফালে ৭ দিনীয়া ঢোল বাদন আৰু বিহুনাচৰ কৰ্মশালাটো পম্পি ডেন্স একাডেমিৰ মুখ্য প্ৰশিক্ষিকা তথা ৰং বসন্ত ৰানী আৰু NK টিভিৰ বৰ বিহুৱতীৰ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা পম্পী নাথে পৰিচালনাত অনুষ্ঠিত হৈছে,বৰবিহুৱতী বৰষা ৰাণী বেজবৰুৱা এই কৰ্মশালাটোৰ উদ্যোক্তা,এই কৰ্মশালাটোত ২৫০ জনতকৈ অধিক প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণ ল’বলৈ উপস্থিত আছে ৷