নলবাৰী জিলাৰ মুকালমুৱাৰ বুৰলিতপাৰৰ ফৰিদা বেগম নামৰ বোৱাৰী জনী ঘৰৰ পৰা নিৰুদ্দেশ হয় । ফৰিদা বেগমৰ স্বামী নবী হুছেইন জানিব দিয়া মতে যোৱা দেওবাৰে সন্ধিয়া ফৰিদা বেগমে নিজ গৃহৰ পৰা ৭ বছৰীয়া লৰা জনক লৈ ঘৰৰ পৰা ঘৰৰ ওচৰৰ ছানিদুল ইছলামৰ লগত পলাই যোৱাৰ সন্দেহ স্বামী নবী হুছেইনৰ । ঘৰৰ পৰা যোৱাৰ সময়ত নগদ ৫৩ হাজাৰ টকা আৰু ৫০ হাজাৰ টকাৰ সোণৰ আ- অলংকাৰ লৈ যায় । ইতিমধ্যে ভুক্তভোগী স্বামী নবী হুছেইনে আদাবাৰী পহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । কোনোবা সদায় ব্যাক্তিয়ে বোৱাৰী জনীৰ সন্ধান পালে আদাবাৰী পহৰা আৰক্ষী চকী নহলে ৯১০১৫৩৬২৭৩ নম্বৰত যোগাযোগ কৰাৰ অনুৰোধ জনায় ।