Daily Time Axom

কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনিৰ ওপৰত কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাৰ সংবাদ মেল

0 44

মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনি “অমৃত সৰোবৰ” ৰূপায়নৰ ওপৰত আজি কচুৱা প্ৰেছ ক্লাৱ আৰু পৰিবহন শ্ৰমিক সন্থাই এক যৌথ সংবাদ মেল অনুষ্ঠিত কৰি ক্ষোভ উজাৰে ৷ নগাঁও জিলাৰ বিভিন্ন উন্নয়ণ খণ্ডৰ অন্তৰ্গত অমৃত সৰোবৰ আচঁনি তুলনামূলকভাৱে কঠীয়াতলিত সুন্দৰ হৈছে যদিও জিলা পৰিষদ কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে একাংশ বিষয়াই বাৰংবাৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাটো শুভ লক্ষণ নহয় প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলাম আৰু শ্ৰমিক সন্থাৰ সভাপতি চৈদুৰ ৰহমানে দাবী কৰে ৷ লগতে বাৰংবাৰ পৰিদৰ্শন কৰাত ঠিকাদাৰ আৰু বিষয়াৰ কিবা গুপন বুজাবুজিৰো সন্দেহ প্ৰকাশ কৰে ৷ আচঁনি ৰূপায়ন ভালকৈ কৰাৰ পিছতো বিল আদায় নিদি কেৱল পৰিদৰ্শনৰ নাটক কৰাৰ কি যুক্তি আছে বুলি সংবাদ মেল যোগে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষন কৰে ৷

Leave A Reply

Your email address will not be published.