Daily Time Axom

কোকিলাত ভুৱা সাংবাদিকৰ অতপালি

0 43

নিজ গৃহত সাংবাদিকৰ ফলক লগাই লুটপাত সাধাৰন জনতাৰ পৰা।

বঙাইগাঁৱৰ কোকিলাত ভুৱা সাংবাদিকৰ অতপালি। নিজ গৃহত সাংবাদিকৰ ফলক লগাই লুটপাত সাধাৰণ জনতাৰ পৰা। স্থানীয় ৰাইজে ভুৱা সাংবাদিকৰ গাড়ীসহ পিতৃ – ভাতৃক গতাই দিলে আৰক্ষীক। বঙাইগাঁও জিলাৰ কোকিলাত ভূৱা সাংবাদিক ও প্ৰৱঞ্চকৰ উৎপাতত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ । অভিযোগ মতে, ভুৱা সাংবাদিক তথা প্ৰৱঞ্চক বিল্লাল হুছেইনে ৰেচন কাৰ্ডৰ আই ডি দিয়াৰ নামত বহুলোকৰ পৰা সংগ্ৰহ কৰিছিল লাখ লাখ টকা ।প্ৰৱঞ্চক বিল্লাল হুছেইনে As 01 DQ 7720 নম্বৰৰ চাৰিচকীয়া বাহনত PRESS লগাই বঙাইগাওঁ জিলাৰ লগতে আন আন ঠাইত প্ৰৱঞ্চাৰ জাল পেলাইছে। কোকিলাৰ কেইবাজনো লোকৰ পৰা নিজকে ডাঙৰ সাংবাদিক পৰিচয় দি বিভিন্ন কামৰ বাবে সৰকাইছিল লাখ লাখ টকা। আজি কোকিলা বজাৰত কেইবাজনো টকা দিয়া লোকে বিল্লাল হুছেইনৰ চাৰিচকীয়া বাহন আটক কৰে।বজাৰতে বিল্লাল হুছেইনৰ সমৰ্থক আৰু স্হানীয় লোকৰ মাজত এক হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়। কোকিলাৰ আৰক্ষীয়ে প্ৰৱঞ্চক বিল্লাল হুছেইনৰ পিতৃ মোছলেম উদ্দিন আৰু ভাতৃ মহিদুল ইছলামক আটক কৰি থানালৈ যায়। বিল্লাল হুছেইনে নিজকে বিজেপিৰ নেতা আৰু সাংবাদিক বুলি পৰিচয় দি মানুহৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল। ৰেছন কাৰ্ডৰ আইডি দিব নোৱাৰি দীৰ্ঘদিন ধৰি পলাই ফুৰিছে বিল্লাল হুছেইনে। এইজন প্ৰৱঞ্চক বিল্লাল হুছেইনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লবলৈ দাবী জনাইছে ।উল্লেখ্য যে প্ৰৱঞ্চক বিল্লাল হুছেইনৰ ঘৰত মানৱ অধিকাৰ, হিউমেন ৰাইটছ, সাংবাদিকৰ PRESS ছাইনবোৰ্ড আৰি থৈছে। আনকি তেওঁৰ ঘৰত সোমাব খুজিলে অনুমতি লৈ সোমাব লাগে বুলি স্থানীয় লোকে দাবী কৰিছে।

Leave A Reply

Your email address will not be published.