Daily Time Axom

নামতি চাৰিআলি গণক আদৰ্শ গাঁও যুৱ সমাজৰ প্ৰশংসনীয় পদক্ষেপ

0 27

ৰাজ্যত বানৰ বিভষিকা । যাৰ ফলত এতিয়া বহু লোকে হেৰুৱাইছে বাসস্থান । তেনে সময়তে, শিৱসাগৰ জিলাৰ নামতি চাৰি আলিৰ গণক আদৰ্শ গাঁও যুৱ সমাজে হাতত লৈছে এক আদৰণীয় পদক্ষেপ । আদৰ্শ গাঁও যুৱ সমাজে আজি জিলাখনৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত টিন পাত বিতৰণৰ কৰে । আনহাতে, এই উদ্দেশ্যে আদৰ্শ গাঁৱত এখন সামগ্ৰী বিতৰণ সভা অনুষ্ঠিত হয় । চোনাববা আলীয়ে পৌৰোহিত্য কৰা উক্ত সভাখনত আদৰ্শ গাঁও যুৱ সমাজৰ সভাপতি নজৰুল ইছলাম (চুবুৰ), বিশিষ্ট সমাজকৰ্মী জাকিৰ হুচেইন, এগৰাকী সংগ্ৰামী নাৰী তথা সদৌ অসম মহিলা সমিতিৰ সম্পাদিকা ইন্দ্ৰানী ৰাজকুমাৰী, সাংবাদিক ইমৰাণ ৰহমান, ৱাহিদ আলী, হাফিজ আলী, ৱাকিল আহমেদ, আব্দুৰ ৰহিমৰ লগতে ভালেকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । তদুপৰি আদৰ্শ গাঁও যুৱ সমাজৰ সম্পাদক আচিকুৰ ৰহমানে আঁতধৰা উক্ত অনুষ্ঠানটোত যুৱ সমাজৰ সকলো বিষয়ববীয়া ও সদস্যসকলো উপস্থিত থাকে । উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আদৰ্শ গাঁও যুৱ সমাজৰ উদ্যোগত এখন দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । সেই প্ৰতিযোগিতাতে গণক আদৰ্শ গাঁৱৰ যুৱ সমাজৰ যুৱকসকলে এটা সংকল্প লৈছিল যে, খেলখনত লাভাংশৰে ধনৰ লগত আৰু কিছু ধন সংযোগ কৰি খেলখনৰ পাছত কেইটামান দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াব ।সেয়েহে আজি শিৱসাগৰ জিলাখনৰ পৰা কেইবাটাও নিদিষ্ট পৰিয়ালক চিনাক্ত কৰি প্ৰতিটো পৰিয়ালৰ মাজত টিনপাত বিতৰণৰ কৰে । ইফালে, আজিৰ অনুষ্ঠানতে নামতি গাহৰিচোৱা বাৰীৰ এগৰাকী দৰিদ্ৰ কিশোৰক অস্ত্ৰোপ্ৰচাৰৰ বাবে আৰ্থিক ভাৱে সহায় আগবঢ়াব।

Leave A Reply

Your email address will not be published.