Daily Time Axom

নৱাগত ৰমেন বৰঠাকুৰক কাষত বহুৱাই ডাঃ ভবেন চৌধুৰীৰ সংবাদমেল

0 28

“ৰাজ্যৰ ২৯ খন জিলাৰ লাখ লাখ জনসাধাৰণে বানত ককবকাই আছে। চৰকাৰী তথ্য অনুসৰি ৮৪ টা ৰাজহচক্ৰৰ ২২০৫ খন গাঁও পানীৰ তলত আছে। ৪৪ টা মথাউৰি, ৯২২ টা পথ বিধ্বস্ত হৈছে। ৰাজ্য চৰকাৰে বানত বিপৰ্যস্ত লোকসকলৰ বাবে এতিয়ালৈকে পৰ্যাপ্ত সাহায্য আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই। এনে অৱস্থাত আমি সীমাৱদ্ধতাৰ মাজতো আম আদমী পাৰ্টিৰ পক্ষৰ পৰা বিভিন্ন জিলাত বান সাহায্য আগবঢ়াইছোঁ। বৰ্তমানলৈকে আমি ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, মাজুলী, দৰং আদি জিলা সমূহত কিছু পৰিমাণে খাদ্য সামগ্ৰী, খোৱা পানী আদি বিতৰণ কৰিছোঁ। কাইলৈ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলত আপৰ স্বেচ্ছাসেৱক সকলে বান সাহায্য বিতৰণ কৰিব। ” আজি গণেশগুৰিস্থিত আপ অসমৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে বান পীড়িত ৰাইজলৈ দলৰ ফালৰ পৰা আগবঢ়োৱা সাহায্য অভিযান সন্দৰ্ভত অৱগত কৰে। আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনায় আপৰ নেতাগৰাকীয়ে । তেওঁ কয়, ” ৰাজ্যখনৰ সম্পদ যদি ৰাষ্ট্ৰই নিজৰ বুলি বিবেচনা কৰে তেন্তে ৰাজ্যৰ বান, গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে গণ্য কৰিব লাগিব। কেন্দ্ৰই অসমক মাহী আইৰ দৃষ্টিৰে চোৱাৰ নীতি পৰিহাৰ কৰিব লাগিব।” সংবাদমেলত কংগ্ৰেছ ত্যাগ কৰি নতুনকৈ আপত যোগদান কৰা ৰমেন বৰঠাকুৰেও বক্তব্য দাঙি ধৰে। ৰাজ্যখনৰ বান সমস্যাৰ উপৰিও অন্যান্য জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত বৰঠাকুৰে আপত যোগদান কৰা বুলি প্ৰকাশ কৰে। তেওঁ কয়,” ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে আপৰ শীৰ্ষ নেতৃত্বই অসমৰ দলীয় নেতৃত্বলৈ সাজু হোৱাৰ নিৰ্দেশ দিছে। সেইবাবে দলৰ সাংগঠনিক ভেটি শক্তিশালী ৰূপত গঢ়ি তোলাৰ স্বাৰ্থত ১৮ বছৰ বয়সৰ পৰা ৯০ বছৰ বয়সীয়া সকলো স্তৰৰ লোককে আপত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ।” সংবাদমেলত আপ অসমৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই বান বিধ্বস্ত অঞ্চলৰ লোকৰ বাবে পৰ্যাপ্তভাৱে খাদ্য সামগ্ৰী আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়। তদুপৰি মহিলা সকলৰ বাবে ছেনিটেৰী নেপকিনৰ ব্যৱস্থা কৰিবলৈও আপৰ নেত্ৰী গৰাকীয়ে অনুৰোধ জনায়। আপৰ নেতৃত্বত ৰাজ্যজুৰি বান সাহায্য অভিযানত সকলোৰে সহযোগিতা কামনা কৰে অনুৰূপা ডেকাৰজাই।

Leave A Reply

Your email address will not be published.