বিগত দুদিনে বান কিছু পৰিমানে হ্ৰাস পাইছে যদিও এই ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে গৃহহীন কৰিছে বহু লোকক।
ব্ৰহ্মপুত্ৰৰ বানে ক্ষতিসাধন কৰি পানীৰে ডুবাইছে বিভিন্ন বিদ্যালয়, অংগনবাদী কেন্দ্ৰকে আদি কৰি নদী কাষৰীয়া গাঁওসমূহৰ দৰিদ্ৰ লোকৰ ঘৰ-বাৰী।
নগাঁও আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত বহু গাঁও প্লাৱিত হৈছে ব্ৰহ্মপুত্ৰৰ বানত।
তেনে বানপীড়িত লোকৰ কাষত বিগত দুদিনে ধিং সমষ্টিৰ যুৱ নেতা তথা ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ উপস্থিত হৈ পীড়িত লোকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰে।
ইয়াৰ উপৰিও যুৱ নেতাগৰাকীয়ে বানপীড়িত লোকসকলক বিপদৰ সময়ত মাত এষাৰ দিয়াৰ লগতে সামান্য সহায়ৰ হাত আগবঢ়াই সাহায্য প্ৰদান কৰে।