বৃহস্পতিবাৰে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে

বৃহস্পতিবাৰে পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী পদলৈ উভতি আহে হেমন্ত ছ’ৰেনে। আজি বিয়লি ঝাৰখণ্ড মুক্তি মৰ্চাৰ দলৰ মুৰব্বী ৰাজ্যৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শেহতীয়াকৈ পাঁচ মাহ কাৰাগাৰত কটোৱা হেমন্ত ছ’ৰেনক মুকলি কৰি দিয়া হৈছে। ইয়াৰ পিছতে বুধবাৰে ৰাজ্যৰ জেএমএম নেতা চম্পাই ছ’ৰেনে পদত্যাগ কৰি হেমন্তৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ মুকলি কৰি দিয়ে।

বৃহস্পতিবাৰে বিয়লি ৰাজভৱনত পিতৃ শিবু ছ’ৰেনৰ উপস্থিতিত শপত গ্ৰহণ কৰে। তেওঁ ক’লে, মই মোৰ দেউতাকক লগ পাই তেওঁৰ আশীৰ্বাদ লৈ ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লোঁ। ঝাৰখণ্ডৰ ৰাজ্যপাল হেমন্ত সোৰেনক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। জানিব পৰা মতে, হেমন্ত ছ’ৰেনৰ জামিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব ইডিয়ে। ইতিমধ্যে ছ’ৰেনৰ জামিনক লৈ বিজেপিৰ অস্তিত্ব। কিন্তু হেমন্ত ছ’ৰেনে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিবলৈ অস্বীকাৰ কৰে। তেওঁ পুনৰবাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু।

AssamAssamese NewsDaily time axomIndiaNew DelhiWorld
Comments (0)
Add Comment