বানপানীৰ বাবেহে বিদ্যুত সেৱা অনিমীয়া হয় । বানপানী শেষ হ’লেই বিদ্যুত সেৱা নিয়মিয়া হ’ব। এই মন্তব্য শক্তি আৰু সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ । উত্তৰ গুৱাহাটী পাইকাৰী গ্ৰাহক সমবায় সমিতিলৈ পাঁচ বিঘা ভূমি আৱন্টনৰ ঘোষণা সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ। কালি উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতিৰ সোনালী জয়ন্তী বৰ্ষৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে। ৰাজ্যৰ সমবায় খণ্ড উৎজ্জীবিত কৰাৰ বাবে চৰকাৰে লোৱা শেহতীয়া পদক্ষেপৰ কথা ঘোষণা কৰি উত্তৰ গুৱাহাটী গ্ৰাহক সমবায় সমিতিৰ উত্তৰোত্তৰ কামনা কৰে মন্ত্ৰীগৰাকীয়ে । ১৯৭৩ চনতে আৰম্ভ হোৱা সমবায় সমিতিখনৰ কালি উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰৰ খেলপথাৰত দিনযোৰা কাৰ্যসূচীৰে সোনালী জয়ন্তী পালন কৰা হয়। পুৱা পতাকা উত্তোলনৰে আৰম্ভ হোৱা সোনালী জয়ন্তী বৰ্ষৰ মূল পতাকা উত্তোলন কৰে সভাপতি ৰাতুল বৰুৱাই। ইয়াৰ লগতে সোনালী জয়ন্তী উপলক্ষে ৫০খন পতাকা উত্তোলন কৰা হয়। অন্তৰংগ অনুষ্ঠানৰ পৰিচালনা কৰে সমিতিৰ সঞ্চালক গনেশ দাসে। বিয়লি ৩ বজাত সোনালী জয়ন্তীৰ মুকলি সভা অনুষ্ঠিত হয়।