শিৱসাগৰৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যৰ উদ্যোগত মুকলি হ’ল ঐক্যৰ সত্ৰীয়া সংগীত মহাবিদ্যালয়

শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিৰ ঐক্যৰ কাৰ্যালয়ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰাম্ভ হোৱা অনুষ্ঠানটি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই | সাংবাদিক জামালউদ্দিন আহমেদে আঁতধৰা আৰু সাংস্কৃতিক সম্পাদক ৰাজু কুমাৰ দাসে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াই গুৰুজনাৰ সত্ৰীয়া সংস্কৃতিৰ ধাৰাটোক আৰু অধিক শক্তিশালী কৰিব লাগিব বুলি ব্যক্ত কৰে | ঐক্যৰ সভাপতি ধনঞ্জয় শইকীয়া, সত্ৰীয়া সংস্কৃতিৰ সাধক হেমন্ত দত্ত, ৰঞ্জন বৰা, সাংবাদিক মনিৰুল ইছলাম বড়া, সমাজকৰ্মী ঘন গগৈ, স্বপ্নালী বেজবৰুৱা আদি উপস্হিত থকা সভাত সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰশিক্ষক তথা নটৰাজ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ দূৰ্গেশ্বৰ বৰুৱাই তেখেতৰ অনুভৱ ব্যক্ত কৰে | উদ্বোধনী অনুষ্ঠানত নটৰাজ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে খোলবাদন পৰিৱেশন কৰাৰ লগতে দেৱলিনা বৰুৱাই দশাৱতাৰ নৃত্য পৰিৱেশনৰে অনুষ্ঠানটি জীপাল কৰি তোলে | উল্লেখ্য যে, ১৯৯৪ চনতে প্ৰতিষ্ঠা লাভ কৰা ঐক্য অনুষ্ঠানটোয়ে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে | ২৫ টা বছৰে অনুষ্ঠানটোৱে বিভিন্ন সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে |

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment