Daily Time Axom

অসমৰ ১১ যুৱকৰ ১৮ হাজাৰ ৫০০ ফুট উচ্চতাত অৱস্থিত শ্ৰীখণ্ড কৈলাস যাত্ৰা সমাপ্ত

0 27

অসমৰ পৰা Trekker of Assam নামৰ দলটোৱে শ্ৰীখণ্ড মহাদেৱ কৈলাসত অসমৰ আবেগ অসমীয়া গামোচা হাতত লৈ জয় আই অসম ধ্বনিৰ দিয়া পৰিলক্ষিত হয়।

সহনশীলতা আৰু দলীয় কাম কাজৰ এক উল্লেখযোগ্য কৃতিত্বৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এঘাৰজনীয়া দুঃসাহসিক দলে এই প্ৰত্যাহ্বানমূলক শ্ৰীখণ্ড কৈলাস যাত্ৰা সফলতাৰে সম্পন্ন কৰে।

দলটোৰ এঘাৰ জন ক্ৰমে দীপ বৰ্মন, বাপন ৰয়, ৰিপন দেৱনাথ, জয় বছাক, পংকজ দাস, লক্ষ্মন দাস, সঞ্জয় দাস, ৰাতুল নাথ, অৰ্জন দেৱনাথ, প্ৰীতম চক্ৰবৰ্তী, আৰু জেকী দাস।

এই ট্ৰেকিঙৰ সফল সমাপ্তিয়ে কেৱল গোটটোৰ দুঃসাহসিক মনোভাৱক উজ্জ্বল কৰি তোলাই নহয়, অসম আৰু ইয়াৰ বাহিৰৰ আন ট্ৰেকিং অনুৰাগীসকলকো যাত্ৰা আগবঢ়াই নিবলৈ অনুপ্ৰাণিত কৰিব।

Leave A Reply

Your email address will not be published.