Daily Time Axom

আজি ৰাছিয়ালৈ ৰাওনা হ’ল মোডী

0 24

ৰাছিয়ালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পাঁচ বছৰৰ মূৰত তেওঁ সেই দেশলৈ পুনৰ গৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব মোডীয়ে। ৰাতি তেওঁৰ লগত ৰাতিৰ আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। মোডীয়ে ৰাছিয়াৰ পৰা পোনেই অষ্ট্ৰিয়া ভ্ৰমণৰ কথা। সমগ্ৰ বিশ্বই চাই আছে এই দুদিনীয়া ভ্ৰমণ। ৪১ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভৰি দিবলৈ ওলাইছে। অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চ্যান্সেলৰ কাৰ্ল নেহমাৰক সাক্ষাৎ কৰিব মোদীয়ে।

দিল্লী বিমানবন্দৰৰ পৰা ৰাছিয়ালৈ ৰাওনা হৈছে মোডী। এক বিবৃতিত তেওঁ লিখিছে, ‘মই ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৰাছিয়ালৈ যাম। অহা তিনিদিনত মইও অষ্ট্ৰিয়ালৈ যাম। সেই দেশলৈ এয়া মোৰ প্ৰথম ভ্ৰমণ।’

Leave A Reply

Your email address will not be published.