Daily Time Axom

কলিয়াবৰত প্ৰলয়ংকাৰী বানৰ আজি ষষ্ঠটো দিন

0 28

সামকাটিছে বান পৰিস্থিতি।

সংহাৰী বানে তচনচ কৰিলে ৩২খনকৈ গাঁও।এতিয়াও শিৱিৰতে দিন পাৰ কৰিবলগা হৈছে বন্যাৰ্তই।

বানৰ এই সময়ছোৱাত প্ৰায়েই দেখা দিয়ে জ্বৰ¸চৰ্দী¸কাঁহ¸ডায়েৰীয়াকে ধৰি অনান্য বেমাৰ।

বন্যাৰ্তৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ তৎপৰ স্বাস্থ্য বিভাগ।

বন্যাৰ্তৰ শিৱিৰে শিৱিৰে গৈ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসা কৰ্মীয়ে বন্যাৰ্তৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰে¸সাংবাদিককো প্ৰদান কৰে ঔষধ।

উল্লেখ্য যে¸মথাউৰিত শ্লুইচগেট নিৰ্মানকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান জেট ইঞ্জিনিয়াৰ্চৰ গাফিলতিৰ বাবে মথাউৰি ভঙাৰ অভিযোগৰে সৰৱ হৈ পৰিছিল আছু¸AJYCPকে ধৰি বন্যাৰ্ত। ২ জুলাইত হাতীমূৰা মথাউৰি ভাঙি কলিয়াবৰত সৃষ্টি হৈছিল বান বিভীষিকাৰ

Leave A Reply

Your email address will not be published.