Daily Time Axom

সৰুপথাৰত ষ্ট’ন ক্ৰেচাৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ; মহকুমাধিপতিলৈ স্মাৰক পত্ৰ

0 91

সোমবাৰে সৰুপথাৰৰ সৰুলাংঠা গাঁৱত অবৈধভাৱে ২০১৩ চনত স্থাপন কৰা “মেচাৰ্চ অম্বা ষ্টোন ক্ৰেচাৰ” নামৰ উদ্যোগটোৰ বিৰুদ্ধে ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ । উদ্যোগটোৰ পৰা নিৰ্গত হোৱা ধুলি, শিলৰ গুৰি আৰু শব্দ প্ৰদূষণে সৰুলাংঠা, প্ৰেমহৰা আৰু মৰাণ গাঁওবাসী ৰাইজৰ জীৱন-জীৱিকাৰ প্রতি ভয়ংকৰ ভাবুকি আহি পৰাৰ অভিযোগ তুলি গাওঁ ৰাইজৰ লগতে দল-সংগঠন একত্ৰিত হৈ সৰুপথাৰস্থিত ধনশিৰি মহকুমাধিপতি কাৰ্যালয়ত স্টোন ক্ৰেচাৰটো বন্ধ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰে । উল্লেখযোগ্য যে, উদ্যোগটোৰ বিৰুদ্ধে বহু বাৰ গাঁৱৰ ৰাইজে প্ৰশাসনক আবেদন নিবেদন জনোৱাৰ পাছতো আজি পৰ্যন্ত মহকুমা প্ৰশাসনে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে । যাৰ ফলত পৰিপ্ৰেক্ষিতত সমূহ গাঁওবাসী ৰাইজ একত্ৰিত হৈ উদ্যোগটো উক্ত স্থানত সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ বাবে ধনশিৰি মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.