ভূমি কেলেংকাৰীৰ দুৰ্নীতিৰ গোচৰত জেলত ভৰ্তি হৈছিল। জেলৰ পৰা উভতি অহাৰ পিছত মিত্ৰজোঁটৰ অংশীদাৰসকলে বিশ্বাস কৰা হেমন্তই ৪ জুলাইত পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু শপত লোৱাৰ পিছতো হেমন্তই ট্ৰাষ্ট ভোটৰ সন্মুখীন হ’বলগীয়া হৈছে। যোৱা ৮ জুলাই সোমবাৰে ঝাৰখণ্ড বিধানসভাত অনুষ্ঠিত হয় আস্থা ভোট। ৮১খন আসনৰ বিধানসভাৰ ৪৫ গৰাকী বিধায়কৰ হেমন্তৰ ওপৰত আছে আস্থা।
ভূমি দুৰ্নীতিৰ গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে গ্ৰেপ্তাৰৰ পূৰ্বেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল তেওঁ। সেই সময়ত চম্পাই ঝাৰখণ্ডৰ আসনত বহিছিল। যদিও প্রয়োজনীয় সময়ত তেওঁ চৰকাৰ পৰিচালনা কৰিছিল, হেমন্তৰ ৫ মাহৰ কাৰাগাৰত মুক্তি পোৱাৰ পাছত ৰাজ্যৰ শাসকীয় মিত্রজোঁট অৰ্থাৎ ঝাৰখণ্ড মুক্তি মর্চা, কংগ্রেছ আৰু আৰজেডিয়ে হেমন্ত সোৰেনক নেতা হিচাপে নির্বাচিত কৰাৰ সিদ্ধান্ত লয়৷ পুনৰ মুখ্যমন্ত্ৰীৰ পদত বহিব বুলি মিত্ৰজোঁটে সিদ্ধান্ত লয়।