২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ

তামিলনাডুৰ আইডল উইং চিআইডিয়ে ২২ কোটি টকাৰ ছটা প্ৰাচীন মূৰ্তি জব্দ কৰাৰ লগতে ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দি থকাৰ সময়তে মূৰ্তিসমূহ পোৱা বুলি দাবী কৰা তিনিজনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

শনিবাৰে থাঞ্জাভুৰৰ পেৰিয়াৰ সমথুৱপুৰম বাছ ষ্টপত এখন গাড়ী আটক কৰে ত্ৰিচিৰ পৰা অহা এটা বিশেষ আইডল উইং চি আই ডি দলে।

বাহনখনত তালাচী চলোৱাৰ লগে লগে বিষয়াসকলে হিন্দু দেৱতাৰ ছটা প্ৰাচীন ধাতুৰ মূৰ্তি আৱিষ্কাৰ কৰে — ত্ৰিপুৰান্থকৰ, বীনাথাৰ, দক্ষিণমূৰ্তি, ঋষবাদেৱ, আৰু আম্মান/দেৱীৰ তিনিটা মূৰ্তি।

ৰাজেশ কান্নান নামৰ চালকজনৰ লগতে তেওঁৰ সংগী লক্ষ্মণন আৰু থিৰুমুৰুগানক জিম্মাত লোৱা হয়। জেৰাৰ সময়ত লক্ষ্মণনে দাবী কৰে যে তেওঁ পাঁচ বছৰ পূৰ্বে ময়ীলাদুথুৰাই জিলাৰ কোৰুক্কাই গাঁৱৰ নিজৰ ঘৰ খান্দি থকা অৱস্থাত এই মূৰ্তিসমূহ আৱিষ্কাৰ কৰিছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment