Daily Time Axom

ইডিয়ে পুনৰ ধন সৰবৰাহৰ গোচৰত জেকলিনক চমন, সুকেশ চন্দ্ৰশেখৰৰ গোচৰত নতুন টুইষ্ট

0 25

জটিল তথ্য পৰিছে ইডিৰ হাতত। সেই সূত্ৰৰ ভিত্তিত ইডিয়ে পুনৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ ফোন বাৰ্তা প্ৰেৰণ কৰিছে। ২০২৪ চনৰ ১০ জুলাইত দ্বিতীয়বাৰৰ বাবে সুকেশ চন্দ্ৰশেখৰ গোচৰৰ ইডিৰ চমন অভিনেত্ৰীগৰাকীৰ হাতত পৰে।

দৰাচলতে ‘ৰেচ ৩’ৰ অভিনেত্ৰীগৰাকীয়ে ধন সৰবৰাহৰ গোচৰৰ পৰা লাভৱান হোৱা বুলি চৰ্চা চলি আছে। য’ত চন্দ্ৰশেখৰে ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ সিঙৰ পত্নী অদিতি সিঙৰ পৰা ২০০ কোটি টকা চুৰি কৰাৰ অভিযোগ আছে। ইডিৰ দাবী, চন্দ্ৰশেখৰে এই অবৈধ উপাৰ্জনৰ সহায়ত অভিনেত্ৰীগৰাকীৰ বাবে বিভিন্ন দামী উপহাৰ ক্ৰয় কৰিছিল।
২০০ কোটি টকাৰ ধন দাবীৰ গোচৰত বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে চন্দ্ৰশেখৰ। জেকলিনৰ সৈতে তেওঁৰ সম্পৰ্কৰ উৰাবাতৰি ওলাইছিল। অৱশ্যে সুকেশৰ সৈতে সম্পৰ্ক থকা বুলি ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। কিন্তু সুকেশে জেলৰ পৰা বাৰে বাৰে আৱেগিক চিঠি লিখিছিল অভিনেত্ৰীগৰাকীক। যাৰ ফলত তেওঁলোকৰ সম্পৰ্কৰ জল্পনা-কল্পনা বৃদ্ধি পাই আহিছে।

ইয়াৰ পূৰ্বে ২০২১ চনত অভিনেত্ৰীগৰাকীয়ে ইডিৰ কাৰ্যালয়লৈ গৈ বিবৃতি দিছিল। তাৰ পিছতে তেওঁ সুকেশৰ পৰা কি দামী উপহাৰ পাইছে সেই কথা কয়। সেই তালিকাখনত আছিল, ৩টা ডিজাইনাৰ বেগ, ২টা জিম আউটফিট, ২টা জোতা, ২যোৰ হীৰা কাণফুলি আৰু বহুতো।
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত জেকলিনে সুকেশৰ বিৰুদ্ধে অভিযোগ কৰিছিল যে সুকেশে ছ’চিয়েল মিডিয়াত তেওঁৰ ভাবমূর্তি নষ্ট কৰি আছে৷ ইয়াৰ পিছতে ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ সন্মুখত যুক্তি দিছিল যে জেকলিনে জানি-বুজি সুকেশৰ অপৰাধৰ পৰা পোৱা ধন ব্যৱহাৰ কৰিছিল।

Leave A Reply

Your email address will not be published.