ত্ৰিপুৰাত এইডছত আক্ৰান্ত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী

ত্ৰিপুৰাত ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী এইচ আই ভি পজিটিভ। ড্ৰাগছৰ বেজী লৈ এইডছ ৰোগত আক্ৰান্ত স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰী। ইয়াৰে কমেও ৪৭ জনে প্ৰাণ হেৰুৱাইছে। ত্ৰিপুৰাৰ ২২০খন বিদ্যালয় আৰু ৪৭খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত সমগ্ৰ দেশতে এইচ আই ভি সংক্ৰমণৰ পৰিসংখ্যা থকা মুঠ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী আছে।

বুধবাৰে ত্ৰিপুৰা চৰকাৰে জনাইছে যে এইডছত আক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ এই পৰিসংখ্যা শেহতীয়া নহয়। ৰাজ্যত বিগত ১৭ বছৰত মুঠ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত হৈছে। ইয়াৰে ৫৭২ জন জীয়াই আছে। ৪৭ জনে প্ৰাণ হেৰুৱালে। বাকীসকল অধ্যয়নৰ বাবে ত্ৰিপুৰাৰ বাহিৰত আছে।

যোৱা কেইদিনমানৰ পৰা ত্ৰিপুৰাত এইচ আই ভি সংক্ৰমণৰ আশংকাক লৈ যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সংক্ৰমণৰ খবৰ পোহৰলৈ আহিছে। ত্ৰিপুৰা ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটিয়ে বুধবাৰে কয় যে ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত হোৱাৰ তথ্য বিভ্ৰান্তিকৰ।
২০০৭ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৪ চনৰ মে’ মাহলৈকে ছাত্ৰ-ছাত্ৰীৰ মাজত এইচ আই ভি সংক্ৰমণৰ ওপৰত টি এছ এ চি এছৰ পৰিসংখ্যা। এই সময়ছোৱাত মুঠ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত হোৱা বুলি জনা গৈছিল। আক্ৰান্ত ছাত্ৰ-ছাত্ৰীৰ বাবে অব্যাহত আছে এন্টি ৰেট্ৰ’ভাইৰেল চিকিৎসা।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment