বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

বাগিচাসমূহৰ নানা ধৰণৰ সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ,পৰিচালকক স্মাৰক পত্ৰ প্ৰদান।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদত | নিজ নিজ বাগানত আজি শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ | য’ত বাগিচা মেনেজমেণ্টেও শ্ৰমিকক সহযোগ আগবঢ়াই | মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা এই সমূহ বাগিচা পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে | আনহাতে সমস্যা সমাধানৰ দাবীৰে বামুণপুখুৰী আৰু হাতীপটি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী কৰাৰ অন্তত বাগিচা সমূহৰ পৰিচালক হাতত দাবীৰ স্মাৰক পত্ৰ প্ৰদান কৰে | লগতে বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচাল উমেশ কুমাৰ তিৱাৰীয়ে শ্ৰমিকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে |

Assamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment