Daily Time Axom

চামগুৰিৰ ননৈ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

0 21

নগাঁৱৰ ৰঙামাটিৰ ননৈ চাহবাগিছাত আজি পুৱাৰে পৰা এটা জৰাজীৰ্ণ আৰু কদৰ্যময় পথক কেন্দ্ৰ কৰি পাঁচশতাধিক চাহশ্ৰমিকে সৃষ্টি কৰিলে এক উত্তপ্ত পৰিস্থিতি ৷

ৰাজ্য চৰকাৰৰ অনিহাত দীৰ্ঘদিনৰে পৰা কঁঠালগুৰি আৰু পুৰণা শালনাহৈ আমনি সংযোগী প্ৰায় ৩০ কিলোমিটাৰ পথ ভাঙি চিঙি বোকাময় অৱস্থাৰ সৃষ্টি হোৱাত বিতৃষ্ণা আৰু হতাশাত আজি ক্ষোভিত হৈ পৰে চাহ শ্ৰমিক সকল ৷

পুৱাৰ ভাগত বাগিছাৰ দৈনন্দিন কাম পেলাই থৈ আজি অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আৰু নগাঁও জিলা শাখাৰ উপ-সভাপতি অবিনাশ ঘোটোৱাৰৰ নেতৃত্বত উদমাৰী, বৰজুৰি,গোঁহাইবস্তি , পুৰনা শালনা আদিকে ধৰি বিস্তীৰ্ণ অঞ্চলৰ প্ৰতিবাদকাৰী চাহশ্ৰমিক সকলে ৰাস্তাটোৰ দুৰৱস্থাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷

যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা দিয়া এই ৰাষ্টাৰ বাবেই বহু ৰোগী চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হোৱা , অনেক দুৰ্ঘটনা হোৱা, ৰাস্তাতে গৰ্ভাৱতী মহিলাই সন্তান জন্ম লগা হোৱা আদি অস্বাভাৱিক ঘটনা সংঘটিত হোৱা বুলি জনাৰ পাছতো মৌন বিভাগীয় কৰ্তৃপক্ষ , চৰকাৰ আৰু প্ৰশাসন ৷

প্ৰতিবাদকাৰী সকলে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কলিয়াবৰ মহকুমাধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে অনাগত দিনত চাহশ্ৰমিকৰ দাবী পূৰণ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ৷

Leave A Reply

Your email address will not be published.